তেজপুৰঃ কেন্দ্ৰীয় চৰকাৰৰ ঘৰে ঘৰে খোৱা পানী যোগানৰ এক বিশাল অভিযান জল জীৱন মিছনৰ অধীনত ঢেকীয়াজুলিত একাংশ খোৱা পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্যত গুৰুতৰ অনিয়ম সংঘটিত হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ সংমণ্ডল-২ আৰু ঢেকীয়াজুলি উপ-সংমণ্ডলৰ অধীনৰ মিজিবাৰী গাঁও পঞ্চায়ত এলেকাৰ ময়লাআলি পানী যোগান আঁচনিৰ নিম্ন মানৰ আৰু গুৰুতৰ আসোঁৱাহযুক্ত নিৰ্মাণকাৰ্যই অঞ্চলটোৰ ৰাইজৰ চকু কঁপালত তুলিছে।

উল্লেখযোগ্য যে, এই পানী যোগান আঁচনিৰ প্ৰায় আশী লাখ টকীয়া নিৰ্মাণকাৰ্যৰ ঠিকা এচডিজি টেকন’ প্ৰিন্টাৰ্চ নামৰ প্ৰতিষ্ঠান এটাই লাভ কৰিছে । এই প্ৰতিষ্ঠানটোৰ পৰা উপ-ঠিকা লৈ কাম কৰি আছে ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলৰ হৰি শৰ্মা নামৰ ঠিকাদাৰ এগৰাকীয়ে। এই ঠিকাদাৰগৰাকীৰ কাম ইমানেই নিম্ন মানৰ হৈছে যে, অচিৰেই পানীৰ পাইপ ঠায়ে ঠায়ে ফাটি খোৱাৰ বাবে যোগান ধৰা পানী খোৱাৰ অনুপযোগী হৈ পৰাৰ সম্ভাৱনা নিশ্চিত হৈছে।

প্ৰায় কোটি টকা ব্যয়েৰে ৰূপায়ন কৰা এই পানী যোগান আঁচনিৰ পাইপবোৰ মাটিৰ ওপৰতে পোতা দেখি ৰাইজ ক্ষুব্ধ হৈ পৰিছে। বিভাগীয় নিৰ্দেশ অনুসৰি , পানী উত্তোলন কেন্দ্ৰৰ পৰা পৰিশোধিত পানী চুবুৰীয়ে চুবুৰীয়ে বোৱাই নিয়া পাইপবোৰ মাটিৰ তিনি ফুট তলত পুতিব লাগে । কিন্তু ময়লাআলি গাঁৱৰ চুবুৰী সমূহত পানীৰ পাইপ ছয় ইঞ্চি,আঠ ইঞ্চি ,ন ইঞ্চি,দহ ইঞ্চি , এফুট আৰু ডেৰ ফুট (ওঠৰ ইঞ্চি)- এই ধৰণৰ গভীৰতাতে স্থাপন কৰে ঠিকাদাৰে ।

সাংবাদিকৰ সমুখত গাঁওবাসীয়ে খান্দি দেখুৱাই দিয়ে পানীৰ পাইপ স্থাপনৰ গভীৰতাৰ নমুনা। আনহাতে, হিতাধিকাৰীৰ সুবিধা হোৱাকৈ ৰাস্তাৰ দাঁতিৰ মূল পানীৰ পাইপৰ পৰা ঘৰৰ চৌহদৰ দহ মিটাৰ পৰ্যন্ত দূৰলৈকে এক ইঞ্চি পাইপ নি পানীৰ টেপ স্থাপন কৰিব লাগে কংক্ৰিটৰ পোষ্টৰ মাজেদি এই ক্ষেত্ৰতো ঠিকাদাৰে চৰম অনিয়ম কৰিছে ।

লগতে পঢ়কঃগোৰেশ্বৰৰ গড়কপ্তানী উপ-সংমণ্ডলৰ কাৰ্য্যলয়ৰ পয়ালগা অৱস্থা

কাৰো ঘৰৰ চৌহদতে ঠিকাদাৰে দহ ফুটতকৈ(প্ৰায় তিনি মিটাৰ) অধিক দূৰত টেপ স্থাপন কৰা নাই । যি সকল হিতাধিকাৰীয়ে চৌহদৰ বিশ-ত্ৰিশ ফুট ভিতৰলৈকে পানীৰ পাইপ নি টেপ স্থাপন কৰিবলৈ অনুৰোধ কৰিছিল , তেওঁলোকৰ পৰা ঠিকাদাৰৰ দায়িত্বপ্ৰাপ্ত লোকে দহ ফুটলৈকেহে বিনামূলীয়া বুলি কৈ অতিৰিক্ত দহ বা বিশ ফুট পাইপৰ মূল্য বিচাৰে বুলিও একাংশ গঞাই অভিযোগ তোলে ।

তদুপৰি টেপ লগাবলৈ পানীৰ পাইপ থিয়কৈ মাজত দি ঠাইতে কংক্ৰিটৰ পোষ্ট নিৰ্মাণ কৰিব লাগে । কিন্তু ঠিকাদাৰে তাকে নকৰি আঢ়ৈ ফুট দীঘল ৰেডিমেইড পকী পোষ্ট কিনি আনি ছয় ইঞ্চি মাটিত পুতি পানীৰ পাইপ সেই পোষ্টত বান্ধি দিছে।

ক’ৰবাত আকৌ সেই পোষ্টৰ ওপৰৰ অংশত ফুটা কৰি পাইপ ইপাৰৰ পৰা সিপাৰ কৰি টেপ একোটা লগাই থৈছে। এই কামো ইমানেই পাল মৰা বিধৰ হৈছে যে, টেপটো টানকৈ লগোৱাৰ সামান্য ব্যৱস্থা নকৰাকৈ পাইপৰ মুখত টেপটো এনেকৈ সুমুৱাই থৈছে যে পানী চলিব ধৰিলেই পানীৰ হেঁচাত টেপটো ছিটিকি ওলাই যাব।

তদুপৰি পকী পোষ্টবোৰ পানী নাহোতেই গুৰি ঢিলা হৈ উভালি পৰাৰ উপক্ৰম হৈছে। পোষ্টবোৰৰ গুৰিত ঢালাই নকৰাৰ হেতু টেপেৰে পানী পৰাৰ পিছতে গুৰিৰ মাটি ঢিলা হৈ পোষ্টবোৰ যে বাগৰি পৰিব সেয়া নিশ্চিত।

প্ৰায় তেৰ বছৰ ধৰি বগা হাতী হৈ থকাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনৰ পুঁজিৰে পুনৰুজ্জ্বীৱিত কৰাৰ নামত ময়লাআলি পানী যোগান আঁচনিৰ জৰিয়তে বৃহৎ অঞ্চলটোৰ গঞা লোকক খোৱা পানীৰ যোগান পুনৰবাৰ প্ৰহসনত পৰিণত হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলি ক’ব পাৰি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply