সোণাৰি: চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টন তথা নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। শাসকীয় দলৰ একাংশ নেতা-পালিনেতাৰ পৃষ্ঠপোষকতাত এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই।

কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকু বড়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কল্যাণ বৰগোহাঁই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টন তথা নিৰ্মাণৰ নামত শাসকীয় দলৰ একাংশ নেতা-পালি নেতাৰ পৃষ্ঠপোষকতাই বিষয়া-আমোলাসকলৰ সহযোগত হিতাধিকাৰীৰ একাউণ্টৰ ধন হৰলুকি কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

প্ৰেছ বিবৃতিত উল্লেখিত অভিযোগ অনুসৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত এই অনিয়ম সংঘটিত হোৱাৰ লগতে শেহতীয়াকৈ উদয়পুৰ গাঁও পঞ্চায়তৰ জীৱনদৈ গগৈ নামৰ এগৰাকী হিতাধিকাৰীৰ নামত আৱণ্টিত গৃহ নিৰ্মাণৰ ধন অসাধু চক্ৰই আত্মসাৎ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ উচিত তদন্তৰ লগতে অসাধু চক্ৰটোৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিবলৈ চৰাইদেউ জিলা প্ৰশাসনক আহ্বান জনাইছে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই।

ইফালে, মাহমৰা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়নত শাসকীয়পক্ষৰ একাংশ নেতা-পালিনেতাই অনিয়ম সংঘটিত কৰাত হিতাধিকাৰী তথা সমষ্টিবাসীয়ে চৰকাৰৰ আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলিও প্ৰেছ বিবৃতিত উল্লেখ কৰা লগতে এই বিষয়ত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে।

চৰকাৰ তথা প্ৰশাসনৰ এনে ভূমিকাত মাহমৰা আঞ্চলিক ছাত্ৰ সন্থা অসন্তুষ্ট হোৱা বুলি উল্লেখ কৰা প্ৰেছ বিবৃতিৰ জৰিয়তে আগন্তুক দিনত অনিয়ম সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে চৰাইদেউ জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ নকৰিলে ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply