ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলি পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী
ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলি পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী

নিউজ ডেস্কঃ বুধবাৰে সমগ্ৰ ৰাজ্য জোকাৰি গ’ল কেইবাটাও ভূমিকম্পই।

৮ ঘণ্টাৰ ভিতৰত ৰাজ্যত ১০টাকৈ ভূমিকম্প সংঘটিত হয়।

পুৱা অনুভূত প্ৰবল ভূমিকম্পৰ অভিকেন্দ্ৰৰ ওচৰতে থকা ঢেকীয়াজুলিৰ তৰাজান বঙালী গাঁৱত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।

ভূমিকম্পৰ ফলত গাঁওখনৰ লগতে কাষৰীয়া অঞ্চলসমূহ বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগৰ এই কঠিন সময়ত সকলোকে ভীতিগ্ৰস্ত নহৈ সাৱধান আৰু সতৰ্ক হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।

৩ বাজি ৫৫ মিনিটত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। সেই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ।

ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ২.৯।

পুৱাই ৭ বাজি ১৫মিনিটত অনুভূত হয় ৬.৪ প্ৰাৱল্যৰ প্ৰথমটো ভূমিকম্প।

৮:০৩ বজাত ৪.৭ৰ প্ৰাৱল্যৰ দ্বিতীয়টো ভূমিকম্প।


৮:১৩ বজাত ৪.০ৰ প্ৰাৱল্যৰ তৃতীয়টো ভূমিকম্প।

৮:২৫ বজাত ৩.৬ৰ প্ৰাৱল্যৰ চতুৰ্থটো ভূমিকম্প

৮:৪৪ বজাত ৩.৬ৰ প্ৰাৱল্যৰ পঞ্চমটো ভূমিকম্প অনুভূত।


প্ৰথম ৫টা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ।

১০:০৫ বজাত ৩.২ প্ৰাৱল্যৰ ষষ্ঠটো ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নগাওঁ।


আনহাতে ১০:৩৯ বজাত হোৱা ৩.৪ প্ৰাৱল্যৰ সপ্তমটো ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ।


১২:৩২ বজাতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ২.৯ প্ৰাৱল্যৰ অষ্টমটো ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাওঁ।


২:৩৪ বজাত ৩.৪ প্ৰাৱল্যৰ নৱমটো ভূমিকম্পৰ অনুভূত হয়।
এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ।

৩:৫৫ বজাত অনুভূত হোৱা ২.৯ প্ৰাৱল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰত ।
এইদৰে বুধবাৰৰ দিনটোত ইটোৰ পিছত সিটো ভূইকঁপে জোকাৰি গ’ল ৰাজ্য।

এইয়া কোনো আগন্তুক প্ৰলয়ৰ আগজাননী নেকি? প্ৰশ্ন উদয় হৈছে ৰাজ্যবাসীৰ মনত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply