কেন্দ্ৰীয় চৰকাৰে WhatsApp-ৰ শেহতীয়া প্ৰাইভেচি পলিচি সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছে।

কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি (IT) মন্ত্ৰ্যালয়ে প্ৰতিষ্ঠানটোক ইয়াৰ প্ৰাইভেচি পলিচি আপডেট বাতিল কৰিবলৈ নিৰ্দেশ দিছে।

কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ মতে WhatsApp-ৰ প্ৰাইভেচি পলিচি আপডেটে ‘তথ্য গোপনীয়তা, ডাটা চিকিউৰিটি আৰু গ্ৰাহকৰ পছন্দ’ক অৱজ্ঞা কৰে।

তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে ফে’চবুকৰ মালিকানাধীন WhatsApp-ক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ কৰাৰ সকীয়নি দিছে।

তেওঁলোকে অহা ৭ দিনৰ ভিতৰত প্ৰতিষ্ঠানটোক এক ‘সন্তুষজনক’ প্ৰত্যুত্তৰ দিবলৈ পত্ৰ যোগে জাননি দিছে, ইয়াৰ অন্যাথা আইনী ব্যৱস্থাগ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।

লগতে পঢ়ক : বিধানসভাৰ অধিবেশনৰ বাবে সাজু,প্ৰ’টেম অধ্যক্ষ ৰূপে শপত ল’লে ফনীভূষণ চৌধুৰীয়ে

পত্ৰখনত কোৱা হয়, ‘ভাৰতীয় নাগৰিকৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাৰ বাবে চৰকাৰে ভাৰতীয় আইনৰ অধীনত থকা বিভিন্ন বিকল্প ব্যৱস্থা গ্ৰহণৰ কথা ভাবিব’।

উল্লেখযোগ্য যে WhatsApp-এ প্ৰতিষ্ঠানটোৰ বিতৰ্কিত প্ৰাইভেচি পলিচি আপডেট মানি নোলোৱা বহু গ্ৰাহকৰ চ্যাট ৰূম (chat room) আৰু এপ এক্সেচ বন্ধ কৰি বা কমাই দিছে।

যাৰ বাবে প্ৰতিষ্ঠানটোৱে গোটেই পৃথিৱীজুৰি যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল।

প্ৰাইভেচি পলিচিক লৈ হোৱাটছএপ চৰ্চালৈ অহাৰ পাছত লাখ লাখ গ্ৰাহকে বিকল্প এপ ছিগনেল, বিপ আৰু টেলিগ্ৰামৰ কাষ চাপিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply