মঙলবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰ বাইঅ’লজিকেল পাৰ্ক চিৰিয়াখানত বাঘৰ আক্ৰমণত চিৰিয়াখানাখনৰ এগৰাকী কৰ্মচাৰীৰ মৃত্যু হয়।
নিহত কৰ্মচাৰী গৰাকীক শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ পলাশ কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে, মঙলবাৰে আবেলি প্ৰায় ২.৩০ মাইকী বাঘজনী থকা সজাত সোমাই পুখুৰী চাফা কৰি থকা অৱস্থাত কৰ্মকাৰক বাঘজনীয়ে আক্ৰমণ কৰে।
চিৰিয়াখানাৰ বিষয়াই জনোৱা মতে সজাটোত প্ৰৱেশ কৰাৰ বাবে তিনিখন গে’ট আছে আৰু কালি তিনি গে’টেই খোলা আছিল যাৰ বাবে হয়টো বাঘজনীয়ে লোকজনক আক্ৰমণ কৰিব পাৰিলে।
লগতে পঢ়ক : ৰাজ্যত ধৰ্ষণৰ বলি কিশোৰী; ‘জীয়াই থকা আশা হেৰোৱাই’ আত্মহত্যা ভুক্তভোগীৰ, অধ্যাপকক গ্ৰেপ্তাৰ
ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইটানগৰ আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ অধীনত এক গোচৰ ৰুজু কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পিছত আৰক্ষীয়ে মৃতদেহটো পৰিলয়ালৰ লোকক গটাই দিব বুলি জানিবলৈ দিয়ে।