কলিয়াবৰ: বাঁহৰ পৰা ইথানল উৎপাদনৰ বাবে শিলঘাট আহি পালেহি অত্যাধুনিক যন্ত্ৰাংশ। প্ৰথমবাৰৰ বাবে চীনৰ চাংহাই বন্দৰৰ পৰা কলকাতা হৈ নুমলীগড় তেল শোধনাগাৰৰ জৈৱ শোধনাগাৰত ইথানল উৎপাদনৰ বাবে অসমলৈ অনা হ’ল এই অত্যাধুনিক যন্ত্ৰবোৰ।
জানিব পৰা মতে, এই অত্যাধুনিক যন্ত্ৰৰ জৰিয়তে বছৰি প্ৰায় ৪৯ হাজাৰ মেট্ৰিক টন ইথানল উৎপাদনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। ২০২২ৰ মাজ ভাগ অৰ্থাৎ আগষ্ট মাহৰ পৰা উৎপাদন আৰম্ভ হোৱাৰ সম্ভাৱনা।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰে আহি কলিয়াবৰৰ শিলঘাট উপস্থিত হোৱাৰ পাছতেই নুমলীগড়লৈ নিবৰ বাবে সাজু কৰি ৰখা হৈছে কেইবাচকীয়া ট্ৰলী বাহন ।
পেট্ৰ’লৰ সৈতে ১০ শতাংশ ইথানল সংযোগ কৰা হ’ব। যাৰ বাবে ইথানল প্ৰস্তুত কৰিবলৈ যন্ত্ৰাংশ অনা হৈছে অসমলৈ।