নিউজ ডেস্কঃ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল স্বাধীনতা সংগ্ৰামী যদুনাথ বৰুৱাৰ। শুকুৰবাৰে বিয়লি প্ৰায় তিনি বজাত বাৰ্ধক্য জনিত কাৰণত ৯৬ বছৰ বয়সত নিজ বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে নাজিৰাৰ মেজেঙ্গা বৰাখোৱা গাঁৱৰ স্বাধীনতা সংগ্ৰামী যদুনাথ বৰুৱাই।

১৯২৬ চনত জন্ম গ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী যদুনাথ বৰুৱাই ছাত্ৰ অৱস্থাৰ পৰাই দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ পৰিছিল। স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰা সময়ত বিভিন্ন গোপন চিঠি পত্ৰ আদান প্ৰদান কৰি বলিষ্ঠ ভূমিকা পালন কৰিছিল আৰু সেই বাবেই ইংৰাজৰ হাতত ধৰা পৰি কেইবাবাৰো কাৰাবাস খাতিব লগা হৈছিল প্ৰয়াত স্বাধীনতা সংগ্ৰামী যদুনাথ বৰুৱাই।

শনিবাৰে জন্মস্থান নাজিৰা মেজেঙ্গা বৰাখোৱা গাঁৱত শিৱসাগৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক সহ নাজিৰা মহকুমা প্ৰশাসন উপস্থিত হৈ ৰাজ্যিক মৰ্যদাৰে যদুনাথ বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰে।

কেন্দ্ৰীয় চৰকাৰৰ স্বাধীনতা সংগ্ৰামী পেঞ্চনাৰ আছিল যদুনাথ বৰুৱা। শেষকৃত্য অনুস্থানত স্থানীয় ৰাইজৰ লগতে নাজিৰা আৰু শিৱসাগৰৰ বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply