গুৱাহাটী : আজি গুৱাহাটীৰ দিছপুৰ লোকনিৰ্মাণ অতিথিশালাৰ প্ৰেক্ষাগৃহত জাৰ্নেলিষ্ট এছোচিয়েশ্যান ফৰ অসমে কেইবাগৰাকী সাংবাদিককে ধৰি দেশ তথা সমাজলৈ বিশেষ সেৱা আগবঢ়োৱা বহু কেইগৰাকী বিশেষ ব্যক্তিক “জাফা এছিভাৰছ এৱাৰ্ড ২০২১” প্ৰদান কৰে।
অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থকা উক্ত বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, দৈনিক অসম কাকতৰ জিতেন্দ্ৰ নাথ চৌধৰী, দ্যা চেণ্টিনেল কাকতৰ সাংবাদিক মৌসমজ্যোতি বৈশ্য, অসমীয়া প্ৰতিদিন কাকতৰ ধ্ৰুৱজ্যোতি পাঠক ,আই এ এছ বিষয়া আদিল খান আদিকে ধৰি মুঠ সাতাইছ গৰাকী ব্যক্তিক জাফাই বঁটা প্ৰদান কৰে।
উল্লেখযোগ্য যে বহু কেইটা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংস্থা, সংগঠনৰ বিষয়ববীয়া অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই দুটা দশকতকৈ অধিককাল শান্তি আৰু মানৱতাৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ইতিমধ্যে নবৈটাতকৈ অধিক বঁটা সন্মান লাভ কৰিছে।
লগতে পঢ়ক : আৰক্ষী আৰু বিএছএফৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
অসমৰ ভিতৰুৱা গাঁৱৰ পৰা লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন মানৱতামূলক কৰ্মত নিজৰ জীৱন উৎসৰ্গিত কৰা ডঃ দিব্যজ্যোতি শইকীয়াক আউৎলোক, দ্যা ৱিক, তেহেলকা, নিউ ইণ্ডিয়ান এক্সপ্ৰেছ, অলঝাঁজিৰা, টাইম আলোচনী আদি ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ভূয়সী প্ৰশংসা কৰি আহিছে।