গুৱাহাটী : নিয়মীয়া বাৰ্তা কাকতৰ সাংবাদিক হাতীগাঁৱৰ নিবাসী পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ কাৰণ দূৰ্ঘটনা নে পৰিকল্গিত হত্যা সেই লৈ বিভিন্নজনৰ মনত সৃষ্টি হোৱা সন্দেহ দূৰ কৰাৰ স্বাৰ্থতে আৰক্ষী প্ৰশাসনে ঘটনাৰ ক্ষীপ্ৰ আৰু উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰা উচিত বুলি এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে মত প্ৰকাশ কৰে।
জাফাৰ সভাপতি আৰু সম্পাদক গৰাকীয়ে প্ৰয়াত সাংবাদিক গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগত সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল। হাতীগাঁৱৰ শেৱালি পথত থকা সাংবাদিক গৰাকীৰ নিজ ঘৰৰ সন্মুখতে সাংবাদিক গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। সাংবাদিক পূৰ্বজ্যোতি চুতীয়াই ক্ৰীড়া সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি আমাৰ অসম, আজিৰ দৈনিক বাতৰি, জনসাধাৰণ আদি বহু কেইখন কাকতৰ লগত জড়িত আছিল। জানিব পৰা মতে সাংবাদিক গৰাকী মাজনিশা পানীৰ মটৰৰ চুইছ দিবলৈ ওলাই আহি সন্ধানহীন হৈ আছিল।
পৰিয়ালৰ লোকে এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। সাংবাদিক গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি সংবাদ জগতত শোকৰ ছাঁ বিৰাজ কৰিছে। ইফালে সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুক লৈ তদন্তৰত আৰক্ষীয়ে জুলফিকৰ আলী নামৰ এজন লোকক আটক কৰিছে। জুলফিকৰ আলীয়ে পাব লগা ধন বিচাৰি সাংবাদিক পূৰ্বজ্যোতি চুতীয়াক ভাবুকি দি কেইবাবাৰো এছ এম এছ প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে।