জাগীৰোড : পুনৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ। এইবাৰ জাগীৰোডত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। জাগীৰোড আৰক্ষীয়ে জব্দ কৰিলে ৫ কোটি টকা মূল্যৰ ড্ৰাগছ।
অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান মাজতে অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে ড্ৰাগছ জব্দ কৰি আছে যদিও ৰাজ্যৰ মাজৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ।
এইবাৰ মৰিগাঁও জিলাৰ জাগীৰোডত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। মণিপুৰৰ পৰা ট্ৰাকযোগে গুৱাহাটী অভিমুখে আহি থকা দুখন ট্ৰাকৰ পৰা জাগীৰোড আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি।
লগতে পঢ়ক – ইফতাৰ অনুষ্ঠানত বিশ্ব শান্তিৰ বাবে হিন্ধু-মুছলামৰ দোৱা-প্ৰাৰ্থনা
আৰক্ষীয়ে মণিপুৰৰ বশিৰ খান আৰু আলতাফ খান নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে গুৱাহাটীৰ জহিৰুল নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক জেৰা চলাই আছে।