নিউজ ডেস্কঃ জাগীৰোডত আৰক্ষীৰ বৃহৎ অভিযান। এই অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ। মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্ব এই সফল অভিযান চলোৱা হয়।

আজি জাগীৰোডত চলোৱা এই অভিযানত আৰক্ষীয়ে আটক কৰে তিনিজনক। জাগৰোডৰ শিলভাঙাৰ পৰা আটক কৰা হয় এই তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে- জাকিৰ হুছেইন, ছাদ্দাম হুছেইন আৰু ছহিদুল ইছলাম। আৰক্ষীয়ে লগতে জব্দ কৰিছে এখন বাইক আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply