ক’ভিড মহামাৰীয়ে দেশৰ লগতে ৰাজ্যত ত্ৰাস সৃষ্টি কৰি থকাৰ মাজতে মধ্য অসমৰ মৰিগাঁও জিলাৰ জাগীৰোড ৰে’লৱে ষ্টেচনত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
বৰ্হিৰাজ্যৰ পৰা আহি ক’ভিড টেষ্ট নকৰাকৈয়ে পলায়ন কৰে প্ৰায় চাৰি শতাধিক যাত্ৰী। যাৰ ফলত মৰিগাঁও জিলাত আতংকৰ সৃষ্টি হৈছে।
কেৰেলাৰ পৰা বিবেক এক্সপ্ৰেছেৰে আহি জাগীৰোড ৰেল ষ্টেচনত নামিছিল কেইবাশতাধিক যাত্ৰী । স্বাস্থ্য বিভাগে ক’ভিড টেষ্ট সম্পন্ন কৰিব খোজোতে পলায়ন কৰে একাংশই।
ৰে’লখনত অহা যাত্ৰীসকলক কোভিড টেষ্ট কৰাবলৈ স্বাস্থ্য বিভাগৰ লোক ষ্টেচনটোত উপস্থিত আছিল আৰু তেওঁলোকে যাত্ৰীসকলৰৰ ক’ভিড টেষ্ট আৰম্ভ কৰিছিল।
ৰে’লৱে ষ্টেচনত ক’ভিড টেষ্ট কৰিবলৈ থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ মতে ক’ভিড টেষ্ট কৰি পজিটিভ হোৱা লোককেইজনেও এই সুযোগতে পলায়ন কৰে।
টেষ্ট কৰি থাকোতে হঠাতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আমাৰ স্বাস্থ্যকৰ্মীক গতিয়াই যাত্ৰীসকলে টেবুল পেলাই দিয়ে, যাৰ ফলত টেষ্ট কৰা টেষ্ট কীটসমূহ পৰি যোৱাত পজিটিভ আৰু নিগেটিভ কীটসমূহ ধৰিব নোৱাৰা হৈ পৰিল বুলি স্বাস্থ্যকৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কয়।
এই ঘটনাত পিছত জাগীৰোডত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে ।