মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ এটা পুখুৰীৰ পৰা মুমূৰ্ষ অৱস্থাত স্থানীয় লোকৰ তৎপৰতাত চাৰিজন কৈ কিশোৰ কিশোৰীক আজি সন্ধ্যা উদ্ধাৰ কৰে। কি কাৰণত কেনেকৈ কিশোৰ-কিশোৰী কেইগৰাকী পুখুৰীৰ পানীত জাপ দিছিল এই কথা জানিব পৰা হোৱা নাই।

কিশোৰ-কিশোৰী কেইগৰাকী নাম ক্ৰমে চপ্না মুঢ়া,(৯) মুস্কান মুৰা(১০), ৰহিমলা মুৰা(১২), প্ৰফুল্ল মুৰা(১২)। আটাই কেইগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তগত পাৱতীপুৰ গাঁৱত। কিশোৰ-কিশোৰী কেইগৰাকীক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰা হৈছে । সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক নগাঁৱত আৰক্ষীৰ জালত পৰিল মাৰণাস্ত্ৰ সহ অস্ত্ৰ সৰবৰাহকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply