তিনিচুকীয়াঃ তিনিচুকীয়াৰ জাগুনত এন এছ চি এন (- আই এম)কেডাৰ আটক।
ধৃত কেডাৰজন মনোৰঞ্জন পাইট(২৮) বুলি জানিব পৰা গৈছে।
টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ জাগুনস্থিত ভাৰতীয় সেনাই অভিযান চলাই এজন এন এছ চি এন কেডাৰ জনক আটক কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়কঃকোভিডত আক্ৰান্ত তাৰকা স্পৃন্টাৰ হিমা দাস
আটকাধীন কেডাৰ জনৰ পৰা আমেৰিকাত নিৰ্মিত (7.65 mm) পিষ্টল এটা,৩ টা সজীৱ গুলি ,২৫০ গ্ৰাম বিস্ফোৰক সামগ্ৰী, এটা ডিটনেটৰ আৰু এটা ছেফ্টি ফিউজ(safety fuse) জব্দ কৰিছে।