গোৰেশ্বৰঃ এখন পাৰ্কৰ সৌন্দৰ্য্যই মোহিত কৰিছে ৰাইজক। আংশিক লকডাউনৰ সময়ত গৃহবন্দী শিশুৰ কলৰৱৰে মুখৰিত শুক্লাইৰ “জহলাওফুৰী উদ্যান”। শিশুক মোবাইলৰ গ্ৰাসৰ পৰা আতৰাই আনিবলৈ সহায়ক হৈছে শুক্লাই পাৰ্ক।

বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিটিআৰৰ ২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ শুক্লাই নৈৰ পাৰত অৱস্থিত “জহলাওফুৰী পাৰ্ক”।

আংশিক লকডাউনত অৱসৰ বিনোদন কটাবলৈ এই কেইদিন ভিৰ কৰিছে শিশু তথা অভিভাৱকে। কৰোনা মহামাৰীৰ সংক্ৰমণৰ হাৰ কিছু নিম্নগামী হোৱাত সান্ধ্য আইনৰ সময় বিয়লি ৪ বজালৈ বৃদ্ধি কৰাত বিভিন্ন জনে পুনৰ ঢাপলি মেলিছে উদ্যানখনলৈ।

লগতে পঢ়কঃবাঘজান কাণ্ড : এটা বছৰৰ পিছতো অন্ত পৰা নাই বাঘজানবাসীৰ যাতনা

ইপিনে শেহতীয়া ভাৱে শুক্লাই পাৰ্কখন উন্নত কৰিবলৈ ২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰীয়ে উদ্যোগ গ্ৰহণ কৰাত সুন্দৰ বাতাবৰণ উভতি আহিছে উদ্যানখনলৈ।

চৌপাশৰ সেউজীয়াই বাৰে বাৰে ইয়ালৈ আমন্ত্ৰণ জনাই দৰ্শনাৰ্থীক। অৱশ্যে ইয়াৰ পূৰ্বেও প্ৰাক্তন ইএম গণেশ কচাৰীয়ে পাৰ্ক খনৰ উন্নয়নৰ বাবে ভালে খিনি পদক্ষেপ গ্ৰহণ কৰিছিল।

কিন্তু প্ৰকৃতি সৈতে একাত্ম হোৱাৰ লগতে নিজে এগৰাকী কৃষি কৰ্মৰ সৈতে জৰিত ব্যক্তি হিচাপে বৰ্তমানৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰীয়ে পাৰ্ক খন বহু গছ , ফুল আদি নিজে ৰোপন কৰি আপদাল কৰি আহিছে উদ্যানখনৰ।

বড়ো আন্দোলনৰ নেতা হৰখাব নাৰ্জাৰী আৰু ইউ এন ব্ৰহ্মৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ইয়াতে ২০০৪ চনতে দুয়োগৰাকী নেতাৰ প্ৰতিমূৰ্ত্তিও ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে।

নতুনকৈ ইয়াতে চুইমিং পুলৰো সংযোজন ঘটিব বুলি জানিব পৰা গৈছে। আনহাতে লকজাউনৰ বাবে গৃহবন্দী হৈ থকা বিভিন্ন ব্যক্তিৰ লগতে শিক্ষানুস্থান বন্ধ হৈ থকাৰ বাবে কেবল মোবাইলৰ প্ৰতি আকৃষ্ট হৈ শাৰীৰিক – মানসিক -বৌদ্ধিক চিন্তা-চৰ্চা স্তব্ধ হৈ পৰা ষথেষ্ঠ সংখ্যক শিশুক অভিভাৱকে এই উদ্যানলৈ ফুৰাবলৈ আনি উপকৃত হৈছে।

ইপিনে মহানগৰত এনেধৰণৰ উদ্যান উপলদ্ধ যদিও গ্ৰাম্যাঞ্চলত এই ধৰণৰ সুবিধা থকা এখন সুন্দৰ উদ্যান ওচৰতে লাভ কৰি ধন্য হৈছে স্থানীয় ৰাইজ। অনাগত দিনত উদ্যান খন অধিক উন্নত হোৱাৰ আশা কৰে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply