হোজাই: উমৰাংছুত নীপকৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ হৈ মৃত্যু হোৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ছিং টিছুৰ পৰিয়ালে আজিও লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী সাহায্য।
উল্লেখ্য যে ২০১৯ চনৰ ৭ অক্টোবৰত সংঘটিত সেই ভয়াবহ দুৰ্ঘটনাত জয়ছিং টিছু সহ চাৰি গৰাকী নীপকুৰ কৰ্মচাৰীয়ে মৃত্যুক আঁকোৱালি লৈছিল ।কিন্তু আজি দুটা বছৰ অতিক্ৰম হোৱাৰ পিছতো পৰিয়ালটোৱে কোনোধৰনৰ ক্ষতিপূৰণ লাভ নকৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
ইফালে পৰিয়ালৰ লোকে মৃত জয়ছিং টিছুৰ স্মৃতিত আজি পশ্চিম কাৰ্বি আংলং জিলাৰ নিজা গাঁও ইংহিলাংচুৰ সমাধিস্থ স্থলী পকাকৈ বনাই ৰক্ষণাবেক্ষণ দিয়াৰ লগতে সকলোৱে ধূপ দ্বীপ জ্বলাই স্মৰণ কৰে।
লগতে পঢ়ক- বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ বৰাকক অসমৰ পৰা পৃথক কৰা বক্তব্যক লৈ তুমুল প্ৰতিক্ৰিয়া