জখলাবন্ধাঃ জখলাবন্ধা আৰক্ষীয়ে কৰায়ত্ত কৰে গঁড় হত্যাৰ লগত জড়িত তিনিটাকৈ চোৰাং চিকাৰী।
জখলাবন্ধা আৰু বুঢ়াপাহাৰত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰাংচিকাৰী তিনিজনক।
জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ।
আৰু পঢ়কঃ বগৰীবাৰীত আৰক্ষীয়ে আটক কৰে পাঁচটা গৰু-ম’হৰ চোৰাং ব্যৱসায়ী
চিকাৰী কেইজনৰ পৰা উদ্ধাৰ চাইলেঞ্চাৰসহ এটা থ্ৰী-নট-থ্ৰী ৰাইফল আৰু ১০ ৰাউণ্ড থ্ৰী-নট-থ্ৰী ৰাইফলৰ গুলী।
আটকাধীন চোৰাংচিকাৰী তিনিজন হৈছে ক্ৰমে ডেনি ইয়প’থমি, আনোৱাৰ হুছেইন আৰু ৰফিকুল ইছলাম।
ধৃত চিকাৰী কেইটা দীৰ্ঘদিন ধৰি গঁড়ৰ খৰ্গ, বিভিন্ন জন্তুৰ অংগ-প্রত্যংগৰ অবৈধ ব্য়ৱসায়ৰ লগত জড়িত আছিল।
আৰু পঢ়কঃ বিলাসীপাৰাত দুৰ্ধৰ্ষ চোৰ আটক