জখলাবন্ধা- কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।
শনিবাৰে নিশা তীব্ৰবেগী ট্ৰাক আৰু বাইকৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত হয় তিনিজনকৈ বাইক আৰোহী।
যোৰহাট অভিমুখী এই ট্ৰাকখনৰ নম্বৰ আছিল এ এচ ০৩ চি ০৫ ২১৮৬। আনহাতে বাইকখনৰ নম্বৰ এ এচ ০২ টি ৯৩ ০৫।
নিহত কেইজন ৰিকু শইকীয়া, ধ্ৰুৱজ্যোতি ভূঞা আৰু লালন প্ৰসাদ ৰৱিদাস বুলি জানিব পৰা গৈছে।
এই ঘটনাত সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।