সোণাৰি: চৰাইদেউ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰায় ৬৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী আঁচনি দুখন ক্ৰমে ৰজাবাৰী গ্ৰাণ্ট ( ৩৩,০০,০০০ টকা ) আৰু খনা গ্ৰাণ্ট (৩২,০০,০০০ টকা) পানী যোগান আঁচনি দুখন আজি আনুষ্ঠানিকভাৱে চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুৰ উপস্থিতিত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শুভ উদ্ধোধন কৰে।
এই উপলক্ষে ৰজাবাৰী গ্ৰাণ্ট পানী যোগান আঁচনিৰ চৌহদত জিলা উপায়ুক্ত বিনীতা পেগুৰ পৌৰহিত্যত এখনি বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয়যে ৰজাবাৰী গ্ৰাণ্ট বিশুদ্ধ খোৱাপানী আঁচনিৰ অধীনত মুঠ ১৯১ টা পৰিয়াললৈ খোৱা পানীৰ সংযোগ ব্যৱস্থা কৰাৰ লগতে খনা গ্ৰাণ্ট পানী যোগান আঁচনিৰ অধীনত মুঠ ১৭০ টা পৰিয়াললৈ বিশুদ্ধ খোৱাপানী সংযোগৰ ব্যৱস্থা কৰি দিয়া হৈছে।
দুয়োখন বিশুদ্ধ খোৱাপানী আঁচনিৰ অধীনত ৩৬১ টা পৰিয়াল উপকৃত হোৱাৰ কথা উল্লেখ কৰি বিধায়ক কোঁৱৰে পুনৰ কয়যে ৰজাবাৰী গ্ৰাণ্ট পানী যোগান আঁচনি আৰু খনা গ্ৰাণ্ট পানী যোগান আঁচনিৰ অধীনত যিসকল পৰিয়ালক বিশুদ্ধ খোৱাপানী সংযোগ কৰি দিয়া হ’ল সেই দুখন আঁচনিত একোখনকৈ কমিটী গঠন কৰি দিয়া হৈছে আৰু কমিটীয়ে নিৰ্ধাৰণ কৰা বিশুদ্ধ খোৱাপানী সংযোগৰ বাবত চোৱা-চিতা কৰিবলৈ মাহে নিম্নতম মাছুল প্ৰত্যেক পৰিয়ালে কমিটীৰ সভাপতি/ সম্পাদকক পৰিশোধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰে।
সভাপতিৰ ভাষণত জিলা উপায়ুক্ত বিনীতা পেগুৱে জল জীৱন মিছন তথা বিশুদ্ধ খোৱাপানী আঁচনি দুখনৰ কথা উল্লেখ কৰি কয়যে চৰকাৰে দিয়া আঁচনি বুলি অৱহেলা নকৰি নিজৰ বুলি ভাৱি উচিতভাৱে ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়।
আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা খগেন কলিতাই। বৈঠকত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, সোণাৰি নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তিলক নেওগ, অন্যান্য পিছপৰা শ্ৰেণীৰ সভাপতি ৰাজেন গগৈ, সমাজ সেৱক কাজল দে, লক্ষ্মী তাছাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
লগতে পঢ়ক অপৰাধীক সুৰক্ষা দিয়া মিজোৰাম আৰক্ষীৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোচৰ ৰুজু