লখিমপুৰ: লখিমপুৰ জিলাৰ ঘাৰমৰাত চাৰি খনকৈ পানী যোগান আঁচনি দেওবাৰে পুৱা উদ্বোধন কৰি মন্ত্রী গৰাকীয়ে অসমত ২০২৩ ৰ ভিতৰতে কেন্দ্রীয় জল জীৱন আঁচনিৰ কাম সম্পুর্ণ হব বুলি মন্তব্য কৰে।
২০২৪ চনত জল জীৱন আচনিৰ কাম সম্পুর্ণ কৰাৰ লক্ষ্য আছিল যদিও অসম চৰকাৰে ২০২৩ তে কাম সম্পুর্ণ কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।


অসমত ৬৩ লাখ পৰিয়ালক এই আঁচনিৰে সামৰি লোৱাৰ লক্ষ্য লৈ ইতিমধ্যে ১৬ লাখ পৰিয়ালত জলসংযোগ দিয়াৰ তথ্য সদৰি কৰে মন্ত্রী গৰাকীয়ে।


একেদৰে লখিমপুৰতো ২ লাখ ১৬ হেজাৰ পৰিয়ালক সংযোগ দিয়াৰ লক্ষ্য লৈ ইতিমধ্যে ৪৬ হেজাৰ পৰিয়ালক পানীৰ সংযোগ দিয়াৰ কাম সম্পুর্ণ কৰা হৈছে ।


মন্ত্রী গৰাকীৰ সৈতে আজিৰ কাৰ্য্যসূচীত বিধায়ক মানৱ ডেকা, অমিয় ভূঞা, উপায়ুক্ত সুমিত সত্তৱান আদিয়ে সহযোগ কৰে।

লগতে পঢ়ক-ছয়গাঁৱত ২৯ কাৰ্টন বিলাতী সুৰাসহ তিনিজন আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply