লখিমপুৰ: লখিমপুৰ জিলাৰ আনন্দ চাহ বাগিচাৰ খাপৰা লাইনত চলি থকা জলজীৱন আঁচনিৰ কামত দুৰ্নীতিৰ হোৱাৰ অভিযোগ তুলি আজি আনন্দ আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।
ৰাইজে দুৰ্নীতি বন্ধ কৰক , কাম শুদ্ধমতে কৰক আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলাৰ লগতে কাম বন্ধ কৰি দিয়ে । অভিযোগ অনুসৰি , পাইপ ভূমিৰ তিনিফুট তলত স্থাপন কৰিব লাগে যদিও মাত্ৰ একফুট তলতেই পাইপ স্থাপন কৰা হৈছে।
একাংশ ঠাইত পাইপ মাটিৰ ওপৰতেই বহুৱাই থোৱা পৰিলক্ষিত হয়। যাৰ বাবে সহজ সৰল আদিবাসী জনগোষ্ঠীক ঠগি ধন উদৰস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰ পক্ষৰ বিৰুদ্ধে । ইয়াৰ সন্দৰ্ভত ইঞ্জিনিয়াৰ ৰঞ্জিত কাকতিক জনোৱা হৈছে যদিও তেও বিষয়টোৰ সন্দৰ্ভত কোনো গুৰুত্ব নিদিলে। তদুপৰি আনন্দ চাহ বাগিচা কৰ্তৃপক্ষৰো এই বিষয়ত ৰহস্যজনক স্থিতি লোৱা বুলিহে অভিযোগ কৰে ।
ইয়াৰ বিপৰীতে আনন্দ আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক সঞ্জয় তিৰ্কিক ঠিকাদাৰ পক্ষৰ দুজন লোকে ধমক দিয়াৰ অডিঅ’কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে । “কাম বেয়া হৈছে যদি ডিচি ওচৰত যা, মোক একো কৰিব নোৱাৰ বুলি এজনে নেতা গৰাকীক ধমক”। আনহাতে টাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ কোঁৱৰ বুলি চিনাকী দিয়া এজনে আছাৰ নেতাজনক তোক চাউলধোৱাতে গৈ মাৰিমগৈ , কোন হয় তই আদিৰে অশ্ৰাব্য গালি গালাজ কৰি ধমকি দিয়ে ফোন কলৰ দ্বাৰা । এই কাৰ্যত আনন্দ বাগিচাৰ সমগ্ৰ আদিবাসী সমাজ ক্ষোভিত হৈ পৰিছে ।