গুৱাহাটী : জলজীৱন মিছনৰ অধীনত ৰাজ্যখনৰ গ্রামাঞ্চলৰ ১ লাখ ২৫ হেজাৰ পৰিয়ালৰ ঘৰলৈ নতুনকৈ বিশুদ্ধ খােৱা পানীৰ সংযােগ আজি আনুষ্ঠানিকভাৱে প্রদান কৰা হৈছে। জলজীৱন মিছনৰ অধীনত জুলাই মাহৰ ভিতৰত ৰাজ্যখনৰ ৯০ হেজাৰ পৰিয়াললৈ বিশুদ্ধ খােৱা পানী যােগানৰ সংযােগ দিয়াৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল যদিও এই লক্ষ্য অতিক্ৰম কৰি ১ লাখ ২৫ হেজাৰ পৰিয়াললৈ জলজীৱন মিছনৰ অধীনত বিশুদ্ধ খােৱা পানীৰ সংযােগ দিয়া হ’ল।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই কথা সদৰি কৰে।

আজি ছিপাঝাৰ বিধানসভা সমষ্টিৰ নাৰিকলিত জলজীৱন মিছনৰ অধীনত কার্যক্ষম বিশুদ্ধ খােৱা পানীৰ গৃহ সংযােগৰ সামূহিক প্রকল্প উদ্বোধন কৰি মন্ত্রী দাসে এই কথা সদৰি কৰাৰ লগতে কয় যে, জুলাই মাহৰ শেষ দিনটোত ৰাজ্যখনৰ বিভিন্ন স্থানত জলজীৱন মিছনৰ অধীনৰ আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি খােৱা পানী যােগানৰ সংযােগ উপভােক্তা ৰাইজক উৎসৰ্গা কৰাৰ সিদ্ধান্ত লােৱা হৈছিল। মুখ্য মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ উদ্যোগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা, কর্মচাৰী তথা জলজীৱন মিছনৰ সকলাে বিষয়াৰ ঐকান্তিক প্রচেষ্টা আৰু সহযােগত আজিৰ দিনটোত ৰাজ্যত ১ লাখ ২৫ হেজাৰ পৰিয়ালৰ গৃহলৈ নতুনকৈ বিশুদ্ধ খােৱা পানী যােগানৰ সংযােগ দিবলৈ আমি সক্ষম হলাে বুলি কয় মন্ত্ৰী গৰাকীয়ে।

মন্ত্রী গৰাকীয়ে পুনৰ কয় যে, জলজীৱন মিছনৰ অধীনত অসমৰ গ্রামাঞ্চলত বিশুদ্ধ খােৱা পানী যােগানৰ ব্যৱস্থাটো অধিক কার্যকৰীকৰি তােলাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে অধিক সক্রিয়তাৰে ব্যাপক পৰিসৰত কাম-কাজ কৰিছে। জলজীৱন মিছনৰ অধীনত জুন মাহ পর্যন্ত ২ লাখ ৭০ হাজাৰ পৰিয়াললৈ ঘৰুৱা টেপ সংযােগৰে বিশুদ্ধ খােৱা পানী যােগানৰ সুবিধা প্রদান কৰা হৈছিল। জুলাই মাহৰ ভিতৰত নতুনকৈ ৯০ হেজাৰ পৰিয়াললৈ বিশুদ্ধ খােৱা পানীৰ সংযােগ দিয়াৰ লক্ষ্য লােৱা হৈছিল যদিও আজি সেই লক্ষ্য অতিক্ৰম কৰিলাে বুলি মন্ত্ৰী গৰাকীয়ে কয়। তেওঁ পুনৰ কয় যে, অহা ২০২৪ চনৰ ভিতৰত জলজীৱন মিছনৰ অধীনত এনেদৰে পর্যায়ক্রমে খােৱা পানীৰ সংযােগ দিয়াৰ পিছত অসমৰ গ্রামাঞ্চলত ৫৩ লাখ পৰিয়াললৈ বিশুদ্ধ খােৱা পানীৰ সংযােগ প্রদানৰ সিদ্ধান্ত লােৱা হৈছে। মন্ত্রী গৰাকীয়ে আশা প্রকাশ কৰে যে ব্যৱহাৰকাৰী সমিতি গঠন কৰি এই আঁচনি গ্রামাঞ্চলত যুগ-যুগান্তৰলৈ কার্যক্ষম কৰি ৰাখিবলৈ জনসাধাৰণে প্রচেষ্টা অব্যাহত ৰাখিব।

লগতে পঢ়ক :  দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানকাচৰ মণ্ডল কাৰ্য্যনিৰ্বাহক সভা

এমাহতে ১ লাখ ২৫ হেজাৰ পৰিয়াললৈ পানীৰ সংযােগ প্রদান কৰিব পৰাটো ৰাজ্য চৰকাৰৰ এক ডাঙৰ সাফল্য বুলি উল্লেখ কৰি মন্ত্রী গৰাকীয়ে ইয়াৰ বাবে সংশ্লিষ্ট সকলাে পক্ষকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী গৰাকীয়ে কমলপুৰতাে কামৰূপ জিলাৰ ১৩,৩৬৭ টা পৰিয়াললৈ বিশুদ্ধ খােৱা পানী যােগানৰ আঁচনিও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আনহাতে আজি সমগ্ৰ ৰাজ্যতে বিধায়কসকল আৰু স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, জিলা উপায়ুক্ত আৰু জন প্রতিনিধি সকলেও নিজ অঞ্চলত বিশুদ্ধ খােৱা পানী সংযােগৰ আঁচনি তথা পৰিয়াললৈ পানী সংযােগৰ ব্যৱস্থা উদ্বোধন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply