হোজাই : ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে জল জীৱন আঁচনি। এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

জল জীৱন আঁচনিৰ অধীনত শনিবাৰে ৰাজ্যজুৰি বিশুদ্ধ খোৱা পানী যোগানৰ আঁচনি উদ্বোধন কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাতো কেন্দ্ৰ চৰকাৰৰ এই আঁচনিৰ অধীনত হোজাইবাসী ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰা হয়।

লগতে পঢ়ক :  কামৰূপ মহানগৰ জিলাত খােৱা পানীৰ গৃহ সংযােগৰ হস্তান্তৰকৰণ

হোজাইৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত হোজাইৰ উত্তৰ গোলাঘাটিয়া বস্তিত জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে জল জীৱন আঁচনিখনৰ শুভাৰম্ভ কৰে। লক্ষণীয় যে হোজাই জিলাখন জলজীৱন মিছন অধীনত অসমৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত সু-পৰিকল্পনাৰ জৰিয়তে প্ৰথম স্থান পাবৰ বাবে কাম কৰাৰ পৰিকল্পনা হাতত লোৱা বুলি হোজাই জিলাৰ উপায়ুক্তই মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply