গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ জলজীৱন মিছনৰ ৭ টা পানী যােগান আঁচনিৰ অধীনত ১০১৭ টা খােৱা পানীৰ গৃহ সংযােগ শনিবাৰে আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰাৰ অৰ্থে শনিবাৰে পুৱা চাৰে দহ বজাত পশ্চিম গুৱাহাটীৰ কাঁহিকুছি গাঁও পঞ্চায়তৰ কুঁৱৰীগাঁও পানী যােগান আঁচনি আৰু আমছিং গাঁও পঞ্চায়তৰ ঝর্ণাৱস্তি পানী যােগান আঁচনিৰ প্রাঙ্গণত পৃথকে পৃথকে একোখনকৈ সভা অনুষ্ঠিত কৰা হয়।

গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকল উপস্থিত থকা এই হস্তান্তৰকৰণ কার্যসূচীৰ কাঁহিকুছি গাঁও পঞ্চায়তত অনুষ্ঠিত অনুষ্ঠানত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে হিতাধিকাৰীসকলক পানী যােগানৰ গৃহ সংযােগ হস্তান্তৰ কৰাৰ বিপৰীতে আমছিং গাওঁ পঞ্চায়তৰ ঝর্ণাবস্তি পানী যােগান আঁচনি হস্তান্তৰ কাৰ্যসূচীত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ উপৰি জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস উপস্থিত থাকে।

লগতে পঢ়ক : সীমান্তক লৈ মেঘালয়ৰ সৈতে সৌহাদ্যমূলক আলোচনাৰ আয়োজন

সভাত বক্তৃতা প্রদান কৰি বিধায়কগৰাকীয়ে খােৱাপানীৰ গৃহ সংযােগ নিজৰ সম্পত্তিৰ দৰে ৰক্ষণাবেক্ষণ তথা আঁকোৱালি ল’বলৈ হিতাধিকাৰীসকলৰ প্রতি আহ্বান জনায়। আজি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো জলজীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱা পানী যোগানৰ আঁচনি উদ্বোধন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply