মানকাচৰ : আৰ এইচ খান মনত আছেনে? উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হেজাৰ কোটি টকাৰ মূল অভিযুক্ত আছিল আৰ এইচ খান। আৰ এইচ খান জেলৰ পৰা ওলাই মানকাচৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জল জীৱন মিছনৰ কাম আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰ জল জীৱন মিছন আঁচনিৰ দ্বাৰা প্ৰতিটো ঘৰত বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কোটি কোটি টকাৰে আঁচনি নির্মাণ কৰি ৰাইজক পানী যোগান দিয়াৰ ব্যৱস্থা হাতত লৈছে আৰ এইচ খানে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ সাদুল্লাবাৰীত থকা এইখন পুৰণি বিশুদ্ধ খোৱা পানী যোগান আঁচনি নতুনকৈ মেৰামতি কৰি ৰাইজক ঘৰে ঘৰে পানী দিয়াৰ বাবে ৫২ লাখ টকা মোকোলাই দিয়া হৈছে। গাঁওখনৰ ৩০৫ ঘৰ পৰিয়ালে প্ৰতিদিনে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আৰ এইচ খানৰ এগৰাকী ঘনিষ্ঠ ঠিকাদাৰে কামৰ দায়িত্ব লাভ কৰাৰ পিছত কামটো আৰ এইচ খানে নিজে উপ ঠিকা লৈ আৰম্ভ কৰে।
কাম শেষ হোৱাৰ অন্তত বৃহস্পতিবাৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, জিলা প্ৰশাসনৰ বিষয় ববীয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ লোক ৰাইজক পানী যোগান ধৰাৰ বাবে শুভাৰম্ভ কৰে আচঁনিটোৰ। কিন্তু ৰাইজৰ অভিযোগ, ৩০৫ টা পৰিয়ালৰ কাৰোৰে ঘৰত নোলায় পানী।আঁচনিখনৰ পৰা ওলোৱা পানী বিশুদ্ধ নহয়, লেতেৰা পানীহে ওলায় বুলি একাংশই অভিযোগ উত্থাপন কৰিছে।
লগতে পঢ়ক : পুনৰ গো সুৰক্ষা আইনকলৈ সৰৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ
ৰাইজৰ অভিযোগৰ পিছত আঁচনিখন শুভাৰম্ভ কৰা হয় যদিও ৰাইজে পানী নোপোৱালৈকে আৰ এইচ খান বা ঠিকাদাৰে বিল নাপায় বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা এছ ডি অ’ জনে ৰাইজক আশ্বাস দিয়ে। মন কৰিবলগীয়া যে আঁচনি শুভাৰম্ভ কৰিবলৈ হ’লে বিভাগীয়ভাৱে কাৰিকৰী বিষয়া সকলে পূৰ্বে পৰীক্ষা কৰি চাব লাগে। সকলো ঠিকে ঠাকে থাকিলে জিলা উপায়ুক্ত বা বিধায়কে আঁচনি মুকলি কৰে। কিন্তু আৰ এইচ খানৰ এই কাম হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে কিহৰ স্বাৰ্থত পূৰ্বে পৰীক্ষা নকৰি মুকলি কৰিবলৈ আহিল তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থান হৈছে