চৰকাৰী আচনিৰ দুখন বেনাৰ লাগিল শিলচৰ ৰেল ষ্টেচনৰ সমীপত , ভাষা অসমীয়া হোৱাৰ বাবেই তাত কলা চিঙাহী সানিলে দুটাকৈ সংগঠনৰ কিছু কাৰ্যকৰ্তাই । তেওলোকৰ দাবী বৰাকত অসমীয়া ভাষা নহব কেবল বাংলা ভাষাই হব লাগিব ।
তেওলোকৰ দাবী ‘বাংলা লিখুন’ । অসমত থাকি অসমীয়া ভাষাৰ ওপৰত আঘাত হনা কাৰ্যৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ মাজতে দুজনক গ্ৰেপ্তাৰ কৰি নাটক ৰচনা কৰিলে চৰকাৰে । এফালেদি সোমাই আনফালে উলিয়াই নিলে চৰকাৰে ।
এতিয়া দেখা গ’ল জল জীৱন মিছনৰ বেনাৰখনেই বাংলা ভাষাৰ হৈ পৰিল।
যি বেনাৰত থকা অসমীয়া ভাষা ক’লা ৰঙেৰে মচি ‘বাংলা লিখুন’ লিখিছিল দুটা বঙালী সংগঠনৰ কৰ্মীয়ে।
কাছাৰ জিলা প্ৰশাসনে আজি অসমীয়া ভাষাৰ হোৰ্ডিংখন সলনি কৰি বাংলা ভাষাত লিখা হোৰ্ডিং লগাই দিয়ে ৷
জল জীৱন মিছনৰ এই বেনাৰখন সলনি কৰি তাত লগোৱা হল বাংলাত লিখা বেনাৰ লগাই বিতৰ্কটোৰ সাম কাটিবলৈ চেষ্টা চলালে।
লগতে পঢ়ক উপ নিৰ্বাচনত ৩১ গৰাকী প্ৰাৰ্থীৰ মাজত নাই এগৰাকীও মহিলা প্ৰাৰ্থী