গুৱাহাটী – খোৱাপানীৰ নামত আপুনি খাই আছে বৰবিহ। খোৱা পানীৰ নামত এতিয়া অধিকাংশ লোকেই খাবলগীয়া হৈছে আৰ্ছেনিকযুক্ত পানী। ভাৰতৰ জনসংখ্যাৰ বুজন অংশই এতিয়া খাবলগীয়া হৈছে প্রদূষিত পানী।

এই কথা স্বীকাৰ কৰিছে খোদ জল শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী বিশ্বেশ্বৰ টুডুৱে। ৰাজ্য সভাত সোধা এটা প্ৰশ্নৰ উত্তৰত জল শক্তি দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী বিশ্বেশ্বৰ টুডুৱে দাখিল কৰা উত্তৰত প্ৰকাশ পাইছে যে দেশৰ ২৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ২০১ খন জিলাতেই ভূগৰ্ভৰ পানীত আৰ্ছেনিক আছে।

১৮ খন ৰাজ্যৰ ১৫২ খন জিলাৰ পানীত ইউৰেনিয়ামো পোৱা গৈছে বুলিও মন্ত্ৰীগৰাকীৰ তথ্যতে প্ৰকাশ পাইছে। টুডুৱে দিয়া তথ্য মতে, ২১ খন ৰাজ্যৰ ১৭৬খন জিলাত ভূগৰ্ভৰ পানীত সীহ পোৱা গৈছে। সেইদৰে ২৯ খন ৰাজ্যৰ ৪৯১ খন জিলাত খোৱাপানীত তীখা, ১১খন ৰাজ্যৰ ২৯ খন জিলাত কেডমিয়াম আৰু ১৬খন ৰাজ্যৰ ৬২খন জিলাত ক্ৰ’মিয়ামৰ উপস্থিতি ধৰা পৰিছে। উল্লেখযোগ্য যে খোৱাপানীত নিৰ্দিষ্ট পৰিমাণতকৈ বেছি আৰ্ছেনিক, তীখা, সীহ, ক্র’মিয়াম থাকিলে মানুহৰ ছালৰ ৰোগ, কৰ্কট ৰোগ, স্নায়ুৰোগ, পার্কিনছন্স, বৃক্কৰ ৰোগ, পেটৰ ৰোগ, আদি হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply