জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত প্ৰয়াত ছাত্ৰ নেতাক চৰম অৱমাননা আছু নেতৃত্বৰ৷ সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাবক স্বৰূপ তথা অসম উন্নতি সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক হেৰম্ব ভট্টাচাৰ্যক পাহৰিলে আছুৰ নেতৃত্বই৷ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাওঁ নিবাসী তথা অসম আন্দোলনৰ সক্ৰিয় নেতা হেৰম্ব ভট্টাচাৰ্যৰ গুৱাহাটীত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত তেওঁৰ স্মৃতি যুগমীয়া কৰি কখাৰ স্বাৰ্থত ওপজা গাঁৱত নিৰ্মাণ কৰা হৈছিল এক আৱক্ষ মূৰ্তি৷ এই আৱক্ষ মূৰ্ত্তিৰ শুভ উন্মোচন কৰিছিল আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃত্বই৷ সেই সময়ত আছুৰ নেতৃত্বই হেৰম্ব ভট্টাচাৰ্যৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত তেওঁৰ নামত এটি ট্ৰাষ্ট খোলাৰ লগতে কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত ঘোষণা কৰিছিল যদিও সেইয়া সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷
সম্প্ৰতি ভট্টাচাৰ্য্যৰ আৱক্ষ মূৰ্তিত গছবন গজি পৰিত্যক্ত অৱস্থাত৷ তেওঁৰ মৃত্যু তিথিটো এগছি চাকি নজ্বলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷ যি সময়ত আছুৰ নেতৃত্বতই দেশ- মাতৃ তথা শ্বহীদক সোৱঁৰি পুনৰ “কা” আন্দোলন আৰম্ভ কৰিছে সেই সময়ত আছুৰ এজন অভিভাৱক স্বৰূপ প্ৰয়াত নেতাক এনে অৱমাননা কৰা কাৰ্যই সচেতন মহলক চকু কপালত তুলিছে।