জামুগুৰিহাটঃ ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া বধিৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণৰ বাবে ৰাঁওনা হোৱা উত্তৰ-পূৱৰ প্ৰথমজন মুকবধিৰ খেলুৱৈ জামুগুৰিহাটৰ অভিনন্দন গোস্বামীলৈ শুভাশিষ জনাই জামুগুৰিবাসী ৰাইজে৷
ভৰলীপৰীয়া বিহুৱা দলৰ উদ্যোগত জামুগুৰি বহাগী মেলাৰ সহযোগত বুধবাৰে সন্ধ্যা উলিওৱা এই শুভাশিষ ৰেলিত বিহুৱা দলটোৰ সদস্যসকলে ঢোঁল-তাল বজাই জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থল পৰিভ্ৰমণ কৰি ৰাইজৰ আশীষ বিচৰাৰ লগতে অভিনন্দনলৈ শুভাশিষ জনায়৷
উল্লেখ্য যে, অভিনন্দন গোস্বামী প্ৰখ্যাত ঢুলীয়া-বিচাৰক তথা বিহুগীত আৰু নৃত্যৰ পৰিচিত নাম নিৰঞ্জন গোস্বামী আৰু গৌৰী মহন্ত গোস্বামীৰ একমাত্ৰ সন্তান৷