জামুগুৰিহাটঃ শোণিতপুৰৰ কুসুমতলাৰ সমীপত পথ দুৰ্ঘটনা ৷
এখন যাত্ৰীবাহী মেক্সিম’ বাহন বাগৰিল দ’ খাৱৈত ৷
কথমপি প্ৰাণ ৰক্ষা পৰে গাড়ীখনত থকা যাত্ৰী সকলৰ ৷
মেক্সিম’খন জামুগুৰিহাটৰ পৰা চতিয়া অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ৷
দুৰ্ঘটনাগ্ৰস্ত মেক্সিম’খনৰ নম্বৰ এ এছ ১২ বি চি ৪৪৬৯।
গাড়ীখন অত্যাধিক বেগত অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি যাত্ৰীসকলে মন্তব্য কৰিছে।