জামুগুৰিহাটঃ জামুগুৰিহাটৰ মৰিসুঁতিত বুধবাৰে নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হয় তিনিজন।
মৰিসুতিৰ পৰা মংগলবৰীয়া অভিমুখে As-12W- 8609 নম্বৰৰ মটৰ চাইকেলৰে আহি থকা দুজন যুৱকে বিপৰীত দিশৰ পৰা আহি থকা এজন চাইকেল আৰোহীক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাত সংঘটিত হয়।
আৰু পঢ়কঃগোৰেশ্বৰত বিদ্যুৎ বিভাগৰ মৰণফাণ্ড!মাটিৰ পৰা মাথোঁ সাত ফুট উচ্চতাত বিদ্যুৎপৰিবাহী তাঁৰ
দুৰ্ঘটনাত কিশোৰ নেৱাৰ ,মনি নেৱাৰ ,আৰু পৰু মিকোদিন নামৰ তিনি জন যুৱক গুৰুত্বৰভাৱে আহত হয়।
স্থানীয় ৰাইজে আহত তিনিও জন যুৱকক উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও সংকটজনক অৱস্থাত থকা তিনিও গৰাকী যুৱককে নিশাই তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।