জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়াত ১০৩ বছৰীয়া আইতাৰ শৰীৰত আত্মা লম্ভাৰ সম্ভাৱনা ৷

এগৰাকী ১০৩ বছৰীয়া আইতাই হঠাৎ ক’বলৈ লৈছে সলসলীয়াকৈ হিন্দী ৷ জীৱন কালত কোনো দিনাই হিন্দী কৈ নোপোৱা এই গৰাকী আইতাই যোৱা শনিবাৰৰ পৰা ক’বলৈ আৰম্ভ কৰিছে হিন্দী ৷

তাকো সলসলীয়াকৈ স্পষ্ট ৰূপত ৷ আইতাৰ এই কৰ্ম-কাণ্ড দেখি আচৰিত হৈ পৰিছে ঘৰৰ পৰিয়ালৰ লগতে গঞাঁ ৰাইজ ৷

লগতে পঢ়কঃগছ-লতাৰে ভৰি পৰিছে বিদ্যুতৰ খুটা!কাণসাৰ নাই বিদ্যুৎ বিভাগৰ

একাংশ গঞাঁ ৰাইজৰ দাবী আইতাৰ শৰীৰত আন কোনো আত্মা লম্ভিছে ৷ কোনো হিন্দীভাষী লোকৰ আত্মাই আইতাৰ শৰীৰত থিতাপি লোৱাৰ বাবে আইতাই সকলো সময়তে সকলো লোকৰে লগত হিন্দী ক’বলৈ আৰম্ভ কৰিছে ৷

১০৩ বছৰ গৰকা লাৱন্য ভাগৱতী নামৰ আইতা গৰাকীৰ এই অস্বাভাৱিক আচৰণে ওচৰ চুবুৰীয়া তথা গঞাঁ ৰাইজক আচৰিত কৰি তুলিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply