জামুগুৰিহাটঃ চতিয়াত নকল সোণৰ বিস্কুটসহ দুই ব্যবসায়ী আটক ৷ ধৃত ব্যবসায়ী কেইজন চহৰ আলি আৰু ইক্ৰামুল হক।

এই দুই ব্যবসায়ীয়ে যোৱা ১ নৱেম্বৰৰ পৰা চতিয়াৰ নুৰপুৰৰ চহিদুৰ ৰহমান নামৰ এক যুৱকৰ লগত ধাৰাবাহিকভাৱে ফোন যোগে সোণৰ বিস্কুট কিনিবলৈ যোগাযোগ অব্যাহত ৰাখে।

লগতে পঢ়কঃচৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত অব্যাহত দুষ্কৃতিকাৰীৰ বন ধ্বংস যজ্ঞ

এই বিষয়ৰ সন্দৰ্ভত চহিদুৰে চতিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰে আৰু আৰক্ষী বিষয়াৰ পৰামৰ্শমতে দুই ব্যবসায়ীক চতিয়ালৈ কৌশলেৰে মাতি আনে৷

দুই নকল সোণৰ ব্যবসায়ীয়ে চহিদুৰক সোণৰ বিস্কুট বেচিবলৈ আহোঁতে চতিয়া আৰক্ষীক গতাই দিয়ে ৷ ইতিমধ্যে চতিয়া আৰক্ষীয়ে দুই ব্যবসায়ীক কৰায়ত্ত কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply