জামুগুৰিহাটঃ ৩১ডিচেম্বৰৰ আগতে ৰাজ্যত দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থত অসম আৰক্ষীয়ে গাড়ী মটৰ সমূহৰ ওপৰত আৰম্ভ কৰিছে তীব্ৰ তালাচী অভিযান।
বিশেষকৈ বনভোজস্থলীলৈ অহা-যোৱা কৰা গাড়ী সমূহৰ চালকসকলে মদ্যপান কৰি গাড়ী চলাইছে নেকি এই সন্দৰ্ভত তালাচী চলাই থকাৰ সময়তে সোমবাৰে সন্ধ্যা বনভোজস্থলীৰ পৰা বিদ্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰী সকলক কঢ়িয়াই অনা এজন মদ্যপায়ী বাছ চালকক জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
অসম-অৰুণাচল সীমান্তৰ চিজুচাত বনভোজ খাই জামুগুৰিহাটৰ টুপিয়ালৈ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক লৈ উভতি অহা বাছখনক অঞ্চলটোৰ মৰিসুঁতিত জামুগুৰি আৰক্ষীয়ে চলোৱা তালাচীত চালক ইক্ৰামল আলীক পৰীক্ষা কৰাৰ সময়ত চালক গৰাকীয়ে মদ্যপান কৰি গাড়ী চলোৱাৰ তথ্য পোহৰলৈ আহে।
লগতে পঢ়কঃতেজপুৰতো সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
ইয়াৰ পাছতে আৰক্ষীয়ে চালক ইক্ৰামল আলীক আটক কৰে। মদ্যপান কৰি অহা বাছখনৰ চালকজনক আৰক্ষীয়ে আটক নকৰা হলে হয়তু মাতাল চালকজনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিলেহেঁতেন। আৰক্ষীৰ তালাচীৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাৰ পৰা ৰক্ষা পৰিল টুপিয়া এম ই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল ।