জামুগুৰিহাটঃ জামুগুৰিহাটত সুৰামত্ত চালকক কৰায়ত্ত। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণহীনভাৱে টেংকাৰ চলোৱা সুৰাসক্ত চালকজনক স্থানীয় যুৱকে কৰায়ত্ব কৰি জামুগুৰি আৰক্ষীক চমজাই দিয়ে।
তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা এএছ-১২ই-৫৪৬৪ নম্বৰৰ টেংকাৰখনে জামুগুৰিহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিয়ন্ত্ৰণহীন ভাৱে গতি কৰি থকা টেংকাৰখনৰ পিছত অহা কেইজনমান যুৱকৰ দৃষ্টিগোচৰ হয়।
সম্ভাৱ্য বিপদৰ কথা চিন্তা কৰি যুৱক কেইজনে কৌশলৰে অৱশেষত জামুগুৰি পেট্ৰ’ল পাম্পৰ ওচৰত টেংকাৰখন ৰখাবলৈ সক্ষম হয় আৰু লগে লগে জামুগুৰি আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছত সুৰামত্ত অৱস্থাত থকা টেংকাৰখনৰ চালকসহ টেংকাৰখন আৰক্ষীক চমজাই দিয়ে। আটক কৰা সুৰামত্ত চালকজন চাৰিদুৱাৰৰ প্ৰণৱ ডেকা বুলি জানিব পৰা গৈছে।