কমাৰগাঁও, চন্দন বৰাঃ গোলাঘাট জিলাৰ গৰিয়াজান চাহ বাগিছা অঞ্চলত ৯ মে’ত এজন যুৱ ব্যৱসায়ীৰ ৰহস্যজনক আত্মহননৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিদোৱা গাঁৱৰ যুৱ ব্যৱসায়ী বুবু হাজৰিকা(৩০) নামৰ যুৱকজনৰ মৃতদেহ গৰিয়াজান বাগিছাৰ এজোপা গছত চিপ লোৱা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে পৰিয়ালৰ লোকে বুবু হাজৰিকাই কোনো কাৰণত আত্মহননৰ পথ বাছি ল’ব নোৱাৰে বুলি অৱগত কৰি তেওঁক কোনোৱে হত্যা কৰাৰ সন্দেহ কৰে।
পৰিয়ালৰ লোকে হত্যা কৰাৰ অভিযোগ তুলি দেৰগাঁও আৰক্ষী থানাত উক্ত বাগিছাৰ জয়নাথ তাঁতী বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কাৰণ বুবু হাজৰিকাৰ মটৰচাইকেলখন উক্ত বাগিছাৰ জয়নাথ তাঁতীৰ বাসগৃহৰ চোতালত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। আনহাতে বুবুৰ সৈতে জয়নাথৰ ব্যৱসায়িক লেনদেন আছিল আৰু ব্যৱসায়িক লেনদেনৰ বাবে বুবুক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ লোকে উত্থাপন কৰে।
লগতে পঢ়কঃজামুগুৰিহাটত সুৰামত্ত চালকক কৰায়ত্ত
ইফালে পৰিয়ালৰ এজাহাৰ ভিত্তিত দেৰগাঁও আৰক্ষীয়ে জয়নাথ আৰু তেওঁৰ পুত্ৰক সোধপোচৰ বাবে উক্ত দিনাই আটক কৰিছিল। পৰিয়ালৰ এজাহাৰ ভিত্তিত দেৰগাঁৱৰ তদন্তকাৰীৰ আৰক্ষীয়ে জয়নাথ তাঁতীক উক্ত দিনাই গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ লগতে ১০ মে’ত গোলাঘাট আদালত হাজিৰ কৰায়। ইফালে দেৰগাঁৱৰ তদন্তকাৰী আৰক্ষীয়ে আদালতত অভিযুক্ত জয়নাথক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে অভিযুক্ত তাঁতীক মাৰাথন জেৰা কৰিছে যদিও ঘটনাৰ সন্দৰ্ভত একো তথ্য লাভ কৰা নাই তদন্তকাৰী আৰক্ষীয়ে। ইফালে সমগ্ৰ ঘটনাটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে পোহৰলৈ আহিব বুলি দেৰগাঁৱৰ তদন্তকাৰী আৰক্ষী বিষয়া গজেন বড়িয়ে জানিবলৈ দিছে।