জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুত এগৰাকী নাবালিকাক বিবাহ কৰাবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল সাতজনকৈ লোক।

অঞ্চলটোৰ দীঘলীচাপৰিৰ হাফিজুল ৰহমান নামৰ ৩৬ বছৰীয়া যুৱকজনে লালেটাপুৰ মইজুদ্দিন আলিৰ নাবালিকা কন্যা তথা চবিলাল এম ই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মজ্জিদা খাতুনৰ লগত বিবাহৰ অনুষ্ঠান চলি থকাৰ অৱস্থাতে নিশা বিশেষ সূত্ৰৰ পমখেদি বিবাহস্থলীত উপস্থিত হয় জামুগুৰি আৰক্ষী।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে। ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই দৰা কইনা পলায়ন কৰে যদিও আৰক্ষীয়ে বিবাহ কাৰ্যত সহযোগ কৰা সাতজনকৈ ব্যক্তিক আটক কৰি জামুগুৰি আৰক্ষী থানালৈ লৈ আহে।

লগতে পঢ়কঃকাৰ্বি শান্তিৰ চুক্তিৰ বিৰুদ্ধে KSUৰ প্ৰতিবাদ

নদুৱাৰ ৰাজহ চক্ৰৰ অতিৰিক্ত ৰাজহ চক্ৰ বিষয়া মন্টুছ চক্ৰৱৰ্তীৰ নেতৃত্বত জামুগুৰি আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে মংগলবাৰে নিশা চলোৱা অভিযানক একাংশ স্থানীয় ৰাইজেও সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই বাল্য বিবাহ খনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহযোগ কৰা সকলক আৰক্ষীয়ে তদন্তৰ জৰিয়তে বিচাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply