জামুগুৰিহাটঃ জামুগুৰিহাটৰ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী। যি গৰাকী শিল্পীয়ে যোৱা ৪০ বছৰ ধৰি একেৰাহে চলাই গৈছে শিল্প সাধনা।

যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ পদাৰ্থইয়ো। এই শিল্পী গৰাকীৰ নাম নীলমণি শ’লাল।

কাঠ-বাঁহৰ টুকুৰাৰ পৰা নিৰ্মাণ কৰি উলিওৱা হাতী, গঁড়, বাঘ, ভালুক জীৱন্ত হৈ উঠে এইগৰাকী শিল্পীৰ হাতৰ পৰশত।

ইয়াৰোপৰি জাতিৰ পিতা মহাত্মা গান্ধী, মাদাৰ টেৰেছাকে ধৰি বহু ব্যক্তিৰ মূৰ্ত্তিও যেন জীৱন্ত হৈ ধৰা দিছে এইগৰাকী জামুগুৰিহাটৰ কেঁৱাৰী চুকৰ ৫৮ বছৰীয়া ভাস্কৰ্য্য শিল্পীৰ দুহাতৰ যাদুত।

লগতে পঢ়কঃতেজপুৰত গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু

অকল ভাস্কৰ্য্য শিল্পতেই নহয় , এইগৰাকীয়ে শিল্পীয়ে এতিয়া নিজ হাতে তৈয়াৰ কৰা বাঁহী, ভায়’লিন , দোটুৰা হাতত লৈ আমাৰ সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা পৰম্পৰাগত তুলসী গীত, অপেশ্বৰী গীত সমূহ সংৰক্ষণৰ হেতুও অহৰহ নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈছে ।

তেওঁৰ পিতৃও এগৰাকী ভাস্কৰ্য্য শিল্পী হিচাপে পৰিচিত হোৱাৰ সুবাদত জন্মগত ভাৱে লাভ কৰা এই গৰাকী বহুমুখী প্ৰতিভাধাৰী শিল্পীয়ে অনাগত সময়ত নিজৰ শিল্প সাধনাত আৰু অধিক ব্ৰতী হৈ আগবাঢ়ি গৈ যাওক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply