জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা কমিটিক মৌলবাদী শক্তিৰে পৰিপুষ্ট বুলি বিতৰ্কিত মন্তব্য কৰি জামুগুৰিহাটৰ ৰাইজৰ ৰোষত পৰা অঞ্চলটোৰ যুৱক অৰূপ শইকীয়াই তেওঁ কৰা ভুলৰ বাবে অৱশেষত ৰাজহুৱা ভাৱে মাগিলে ক্ষমা ।
জামুগুৰিহাটৰ বাপুজী ভৱনত বিভিন্ন দল সংগঠনৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত অৰূপ শইকীয়াই জামুগুৰিয়া ৰাইজৰ আবেগ-অনুভূতিত আঘাত হনা কাৰ্য্যৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় ৷
লগতে পঢ়কঃযোৰহাট নিমাতীৰ ঐতিহাসিক সমলসমূহক পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ বাবে চৰকাৰক আহ্বান
জামুগুৰিহাটৰ কুৰিৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অৰূপ শইকীয়াই শৰাই তামোল পাণ লৈ ৰাইজৰ ওচৰত আঠুলৈ ৰাজহুৱাভাৱে ক্ষমা বিচাৰে ৷
নিজে কৰা ভুলৰ বাবে ক্ষমা বিচৰাৰ পিচত বাৰেচহৰীয়া ভাওনা কমিটিয়ে অৰূপ শইকীয়াৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত তৰা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়। মনকৰিবলগীয়া যে এই গৰাকী অৰূপ শইকীয়াই ভাওনাক ইংৰাজী ভাষাত পৰিবেশন কৰি ভাওণাৰ স্বকীয়তা তথা মৌলিকতা নষ্ট কৰাৰ বিৰুদ্ধে বাৰেচহৰীয়া ভাওনা কমিটিয়ে সৰব হোৱাৰ পাছত বাৰেচহৰীয়া ভাওনা কমিটিক মৌলবাদী শক্তিৰ লগত তুলনা কৰিছিল ৷