শোণিতপুৰঃ শোণিতপুৰৰ জামুগুৰিহাটৰ মঙ্গলবৰীয়াত এগৰাকী মহিলাক হত্যাৰ চেষ্টা চলোৱা এজন যুৱকক আটক জামুগুৰি আৰক্ষীৰ ৷
অত্যাধিক মদ্যপান কৰি থকা লুকেশ কেৰকেটা নামৰ যুৱক গৰাকীয়ে এখন দোকানৰ গৰাকী সীতা কেৰকেটাক এটা চিগাৰেট বিচাৰে। যুৱক গৰাকীয়ে বিচৰা চিগাৰেটটো নোপোৱাত প্ৰথমে মহিলা গৰাকীৰে তৰ্ক যুদ্ধত লিপ্ত হয় ৷ পাচত এখন চোকা দাৰে সীতা কেৰকেটাক আক্ৰমণ কৰে ৷
আৰু পঢ়কঃICU-ত মৃত্যুৰে যুঁজি আছে সন্তান; দৃঢ় মনোবলৰ পৰিচয় দাঙি ধৰি কভিড আক্ৰান্ত মাতৃ বহিল পৰীক্ষাত
লুকেশৰ দাৰ ঘাপত মাটিত ঢলি পৰে মহিলাগৰাকী ৷ স্থানীয় ৰাইজে উক্ত ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুত্বৰভাৱে আহত সীতা কেৰকেটাক উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰে। লগতে আক্ৰমণকাৰী লুকেশক আটক কৰি জামুগুৰি আৰক্ষী থানালৈ লৈ আনে ৷
এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।