জামুগুৰিহাটঃ মুক্ত কবি কন্ঠ, আন্তৰ্জাতিক কবি মঞ্চ অসমৰ উদ্যোগত গুৱাহাটীৰ অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱাৰ সদনত অনুষ্ঠিত এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানত ২০২১ বৰ্ষৰ সংবাদ সেৱা বঁটা প্ৰদান কৰে জামুগুৰিহাটৰ যুৱ সাংৱাদিক চন্দন শৰ্মাক ৷

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱা নিবাসী জগত শৰ্মা আৰু ৰাণু শৰ্মাৰ একমাত্ৰ পুত্ৰ চন্দন শৰ্মা হৈছে জামুগুৰিহাটৰ সংবাদদাতা ৷

নিষ্ঠা সততাৰে সংবাদ সেৱা কৰি অহা বাবেই চন্দন শৰ্মাক সংবাদ সেৱা বঁটাৰ বাবে নিৰ্বাচিত কৰে ৷ দেওবাৰে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত চন্দন শৰ্মাক গামোছা, প্ৰশংসা পত্ৰ, কিতাপৰ টোপোলাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে উদ্যোক্তা সকলে ৷

লগতে পঢ়কঃহাটশিঙিমাৰীত সজাগতা ভোটাৰ ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন

উল্লেখ্য যে, ২০১৭ চনৰ পৰা সংবাদ মাধ্যমৰ লগত জড়িত হৈ জামুগুৰিহাটৰ যুৱ সাংবাদিক ৰূপে গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত “দুৰ্নীতিৰ দৰ্পণ”, যোৰহাটৰ পৰা প্ৰকাশিত গ্ৰাম্য অঞ্চলৰ প্ৰতিফলন দৈনিক বাতৰি কাকত “সংবাদ প্ৰভাত” কাকত, দৈনিক পৰিক্ৰমা কাকত, গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত “গণস্তম্ভৰ” লগতে বহুকেইটা অসমৰ আগশাৰী ৱেব পৰ্টেলত সাংবাদিকতা সেৱা আগবঢ়োৱা চন্দন শৰ্মাই জিলাখনৰ লগতে জামুগুৰিহাট অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সংবাদ মাধ্যমৰ জড়িয়তে নিৰ্ভিক আৰু নিষ্ঠা সহকাৰে আপোচবিহীন এজন সংবাদকৰ্মী হিচাবে সমাজৰ সেৱা আগবঢ়াই নিজৰ এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে।

যুৱ সাংবাদিক চন্দনৰ এই সফলতাৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বন্যপ্ৰাণী বঁটা প্ৰাপ্ত অসম চৰকাৰৰ স্বিকৃতিপ্ৰাপ্ত তথা জেষ্ঠ সাংবাদিক সৌৰভ বৰকটকীৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা শৈক্ষিক মহলৰ লগতে পৰিয়ালবৰ্গই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানত বিশিষ্ট কবি সমালোচক ৰাজেন্দ্ৰনাথ বৰদলৈ, সেউজী সেউজীৰ সম্পাদক তৰুণ বৰ্মনৰ লগতে প্ৰায় ১৭০ জন কবিক কবি সন্মান বঁটাও প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply