জামুগুৰিহাটঃ অসম অৰুণাচল সীমান্তৰ অৰুণাচল প্ৰদেশৰ পাকে কেচাং জিলাৰ অন্তৰ্গত চিজুছাত জিলাখনৰ যুৱ বিজেপিৰ উদ্যোগত “হৰ ঘৰ ত্ৰিৰংগা” শীৰ্ষক এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰে৷ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ বাবে বিজেপিৰ যুৱক সকলে স্থানীয় লোকৰ সহযোগত এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে৷

এই কাৰ্যসূচীৰ অন্যতম কাৰ্যসূচী হিচাপে যুৱকৰ দলটোৱে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতাৰে এক বিশাল মটৰ চাইকেল আৰু কাৰ ৰেলীৰে নিকটবৰ্ত্তী অঞ্চলত সকলোৰে দৃষ্টি আকৰ্ষণ কৰি সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে৷ ‘হৰ ঘৰ ত্ৰিৰংগা’, বন্দে মাতৰম, ভাৰত মাতা কি জয়, ঝন্দা উচাঁ ৰহে হামাৰা আদি শ্ল’গানৰে গাঁৱে গাঁৱে আগবাঢ়িল এক দুই শতাধিকৰো অধিক মটৰ চাইকেল আৰু কাৰ ৰেলী৷

জিলাখনৰ যুৱ বিজেপিৰ সভাপতি পানী টায়মে ফ্লেগ অফ কৰা এই বিশাল ৰেলীৰ অনুষ্ঠানত স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে চিজুছাত অহা ১৫ আগষ্টৰ দিনা অনুষ্ঠিত হব লগীয়া কাৰ্য্যসূচীৰ বাবে স্থানীয় ছাত্ৰ-ছাত্ৰী সকলক চিজুছা গ্ৰাউণ্ডত আৰক্ষীৰ বিষয়াৰ দ্বাৰা পেৰেড অনুশীলন কৰোৱাও পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply