জামুগুৰিহাটঃ মেট্ৰিক পাছ কৰিলেই এজন ব্যক্তিক ৰাষ্ট্ৰপতিয়ে চাকৰি দিব ৷ ১৯৮০ চনত এই প্ৰতিশ্ৰুতি দিছিল তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিলম সঞ্জীৱ ৰেড্ডিয়ে ৷
কিন্তুু সেইগৰাকী ব্যক্তিয়ে আজি পাৰ কৰিবলগীয়া হৈছে দিন হাজিৰা কৰি ৷ এই ঘটনা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বামুণিপামৰ ৷
১৯৭৯ চনত জীয়াভৰলী নদীৰ এক ভয়ানক বানপানীত বামুণী পাম অঞ্চলৰ এক বিস্তৃৰ্ণ অঞ্চল পানীত ডুব গৈছিল ৷ নিশাৰ ভিতৰতে অহা বানপানীত ঘৰৰ মুধছ পৰ্যন্ত ডুৱ গৈছিল ৷ সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি ৷ সেই সময়ত ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ১৩ বছৰীয়া ভুগেশ্বৰ পগাগে নাওলৈ ৯৭ গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছিল ৷
লগতে পঢ়কঃগোৰেশ্বৰত স্বামীৰ বিৰুদ্ধে পত্নীৰ এজাহাৰ দাখিল
১৯৮০ চনৰ ২৬ জানুৱাৰীত দিল্লীত সেই সময়ৰ ৰাষ্ট্ৰপতি নিলম সঞ্জীৱ ৰেড্ডিয়ে ভুগেশ্বৰ পগাগক মেডেল সহ সাহসিকতাৰ বঁটা প্ৰদান কৰিছিল আৰু মেট্ৰিক পাছ কৰিলে এটি চাকৰী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তুু সেইয়া হৈ নুঠিল ৷ এতিয়া ভূগেশ্বৰ পগাগ পথৰ ভিক্ষাৰী ৷ অৱশ্যে আৰ্থিক অনাতনৰ বাৱে ভূগেশ্বৰে মেট্ৰিকো পাছ কৰিব নোৱাৰিলে ৷
সম্প্ৰতি দিন হাজিৰা কৰি পেট প্ৰৱৰ্ত্তোৱা ৫৪ বছৰীয়া ভূগেশ্বৰ পগাগক সাহসিকতাৰ চিন স্বৰূপে শেহতীয়াকৈ হ’লেও এটি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷