জামুগুৰিহাটঃ ঢোলৰ গুমগুমণি, পেঁপাৰ মাতেৰে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ৰঙাচকুৱা বিহু মেলাৰ বিহু মঞ্চ। সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাত এইবাৰ ৰঙাচকুৱা বিহু মেলা উপলক্ষে বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কাৰ্যসূচী অনুসৰি প্ৰথমে বঁটা বিতৰণী সভাত অনুষ্ঠিত হৈ যোৱা বিভিন্ন কৃষ্টি, ক্ৰিয়া, সাহিত্য প্ৰতিযোগিতাত বিজয়ী হোৱা সকলক প্ৰশংসা পত্ৰ, ট্ৰফী প্ৰদান কৰে বঁটা বিতৰণী সভাৰ তথা ৰঙালী ব’হাগী মেলা সোণালী জয়ন্তী মহোৎসৱৰ সভাপতি দ্বিজেন দাসে।

লগতে পঢ়কঃ২৪ এপ্ৰিলত টেকনিচ, আইআইটি গুৱাহাটীৰ বাৰ্ষিক গুৱাহাটী হাফ মাৰাথন

উক্ত বঁটা বিতৰণী অনুষ্ঠানত প্ৰয়াত নীলমণি শৰ্মাৰ স্মৃতিত এটা বিশেষ বঁটা প্ৰদান কৰে ক্ৰিকেট খেলৰ শ্ৰেষ্ঠ খেলুৱৈজনক। তাৰপিছতে সাংস্কৃতিক সন্ধ্যাৰ উন্মোচন কৰে জামুগুৰিহাটৰ অভিযাত্ৰী কলাকেন্দ্ৰৰ প্ৰশিক্ষক, নৃত্য বিশাৰদ গোপাল গোস্বামীয়ে। সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা বিহুৱা ৰঞ্জিত গগৈৰ লগতে তেওঁৰ সংগীবৃন্দই পৰিবেশন কৰা বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আমন্ত্ৰিত শিল্পী হিচাপে চতিয়া সমষ্টিৰ অন্তৰ্গত ইটাখোলাৰ জনপ্ৰিয় কন্ঠশিল্পী সুজিত তচাৰ লগতে বহু স্থানীয় শিল্পীৰ সংগীতানুষ্ঠানে ৰঙাচকুৱা বহাগী মেলাৰ প্ৰতিটো অনুষ্ঠানতে ৰাইজক আকৰ্ষিত কৰা দেখা গ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply