জামুগুৰিহাটঃ চতিয়া সমষ্টিত গোৰ্খা সম্প্ৰদায়ৰ ব্যতিক্ৰমী ব’হাগী উৎসৱ উদযাপন। অসমত বসবাস কৰা গোৰ্খা সম্প্ৰদায়সকলে অসমৰ জাতীয় উৎসৱ বিহুক উলহ মালহৰে উদযাপন কৰাৰ এক উৎকৃষ্ট উদাহৰণ দেখুৱাবলৈ সক্ষম হ’ল চতিয়া সমষ্টিৰ অন্তৰ্গত তথা জামুগুৰিহাটৰ নিকটৱৰ্ত্তী চমাৰদলনিৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে। দক্ষিণ নাগশংকৰ গোৰ্খা সমাজৰ উদ্যোগত চমাৰদলনিত অনুষ্ঠিত কৰা এই বিশেষ ব’হাগী মেলাত বিহুৰ উপৰিও নেপালী, বড়ো, মিচিং, গাৰোৰ লগতে বহুকেইটা জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শনৰ লগতে জিকিৰো পৰিবেশন কৰা দেখা যায়।
এই বিশেষ ব’হাগী মেলাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় – “চমাৰদলনিৰ বিহু সমাৰোহে এটা বাৰ্তা অসমলৈ গৈছে যে, অসমখন আস্থা আৰু বিশ্বাসৰ হৈছে। বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত গোৰ্খাসকলেও অসমীয়া সংস্কৃতিৰ লগত মিলি ৰাজ্যখনৰ কাৰণে যিমানখিনি কৰিবলগীয়া আছে সেইখিনি কৰাৰ এটা সুন্দৰ পৰিবেশ গঢ় লৈ উঠিছে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে আমাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বসতিস্থান এই অসমখন লুইত আৰু বৰাকৰ পাৰত বসবাস কৰা এই মানুহখিনিক একত্ৰিত কৰাৰ এটা যে সুন্দৰ পৰিবেশ হৈছে চমাৰদলনি বিহু সন্মিলনে তাৰ অন্যতম নিদৰ্শন ।”
লগতে পঢ়কঃবৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্বত পদ্মা দাস
চতিয়া সমষ্টিৰ বিধায়ক গৰাকীয়ে বিহু-কবিতা পৰিবেশন কৰি হাজাৰ হাজাৰ ৰাইজৰ মন আপ্লোত কৰি তুলিবলৈ সক্ষম হয়। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে। এই অনুষ্ঠানতে অঞ্চলটোৰ শতাধিকোৰো অধিক বয়োজেষ্ঠ লোকক সম্বৰ্ধনা জনোৱা হয়।