জামুগুৰিহাটঃ ৰাজ্যৰ চৌদিশে এতিয়া বসন্তক আদৰাৰ প্ৰস্তুতি তুংগত। বাপটি সাহোন বিহুটিক আদৰিবলৈ সাজু হৈ উঠিছে বিহু দল সমূহো। বিহু দলৰ এটি গুৰুত্বপূৰ্ণ উপাদান গগণা তৈয়াৰ কৰাৰ কামত এতিয়া দহোবন কাটি কৰি ব্যস্ত জামুগুৰিহাটৰ এগৰাকী ১৮ বছৰীয়া যুৱক।
অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। জামুগুৰিহাটৰ উত্তৰাঞ্চলত হাটিঙা ৰামপুৰৰ পল্লৱ যম নামৰ যুৱকজনে তৈয়াৰ কৰা গগণা জামুগুৰিহাটৰ ওপৰিও অসমৰ বিভিন্ন স্থানৰ পৰা ক্ৰয় কৰিবলৈ লোকসকল আহে।

বিহু অনবদ্য উপাদান গগণা তৈয়াৰ কৰা পল্লৱে অনাগত সময়ত যদি অধিক সুবিধা লাভ কৰে তেনেহ’লে হয়তু নিজৰ প্ৰতিভা আৰু অধিক বিকশিত কৰিবলৈ সক্ষম হ’ব। ইয়াৰ ওপৰিও যুৱকজনে খুব সুন্দৰকৈ বাঁহীত সুৰ তোলে। তেওঁৰ বাঁহীৰ সুৰে সকলোৰে মন মুগ্ধ কৰিবলৈকো সক্ষম হৈছে ।