জামুগুৰিহাটঃ ঢোলৰ গুমগুমণি, পেপাৰ মাতৰে মুখৰিত হৈ পৰিল অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ মুকলি বিহুতলি। ইতিমধ্যেই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি এইবাৰ ৫৭ সংখ্যক বৰ্ষত ভৰি দিয়া বৰপুখুৰী পাৰৰ বিহুমেলাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কুৰিটাৰো অধিক বিহুৱা দলে বিহু প্ৰদৰ্শন কৰে। মুকলি বিহু প্ৰতিযোগিতাখনি উদ্বোধন কৰে প্ৰখ্যাত বিহুৱা মোহন শইকীয়াই। ঢোঁল পেঁপা গগণাৰ মাতৰে মুখৰিত হৈ উঠে ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ মুকলি বিহুৰ চৌহদত।

লগতে পঢ়কঃমৃত্যুদূতলৈ পৰিণত হৈছে লখিমপুৰ জিলাৰ কদম ৰাজহচক্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথ

বিহুমেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামী। মুকলি বিহু প্ৰতিযোগিতাখনিত বিহুৰ সম্পূৰ্ণ নীতি-নিয়ম শৃংখলাবদ্ধ ভাবে বৰ্তাই ৰাখি বিহু দলসমূহে প্ৰদৰ্শন কৰা বিহু মনপ্ৰাণ ভৰি উপভোগ কৰে পাঁচ সহস্ৰাধিক বিহু বলিয়া ৰাইজে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply