জামুগুৰিহাটঃ ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ লোকে বিপদজনক ভাৱে ভুটভূটী নাও চলাই ফুৰা পৰিলক্ষিত হৈছে ৷ জামুগুৰিহাটৰ চৌকীঘাটত একাংশ লোকে এটা মেচিনৰ ভূটভূটী নাওৰে দৈনিক শ শ যাত্ৰীক জীয়াভৰলী নদীৰে ইপাৰ সিপাৰ কৰি আছে ৷

এখন সাধাৰণ নাওতে গাড়ী-মটৰচাইকেলৰ লগতে কণ কণ শিশুসকলক অতি খৰস্ৰোতা জীয়াভৰলী নদী পাৰ কৰি আহিছে একাংশ নাওৰীয়াই ৷

উল্লেখ্য যে, জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম প্ৰান্তত কাদিৰ ঘাট, মকুৱা ঘাট আৰু চৌকী ঘাটেদি তেজপুৰলৈ শ শ যাত্ৰী বিপদজনক ভাৱে কঢ়িয়াই থকাতো আশ্চৰ্য্যজনক বুলি মন্তৱ্য কৰে সচেতন মহলে ৷ আটাইকেইটা ঘাট অবৈধ বুলি মন্তৱ্য কৰাৰ লগতে এই ভূটভূটী নাও সমূহেৰে চোৰাং কাঠকে ধৰি অন্যান্য সামগ্ৰী সৰবৰাহ কৰি থকা বুলিও তাৎপৰ্য্য মন্তৱ্য কৰে সচেতন মহলে ৷

লগতে পঢ়কঃবিশ্বনাথত ব্ৰহ্মপুত্ৰত এটি বেগ উদ্ধাৰ

মনকৰিবলগীয়া যে আজিৰ পৰা দুবছৰৰ পূৰ্বে মকুৱা ঘাটত এখন ভূতভূটি নাও মটৰচাইকেল সহ শতাধিক যাত্ৰী কঢ়িয়াই নিয়োতে নদীৰ মাজত ডুবি যোৱাৰ ঘটনা সংঘটিত হৈছিল ৷ সেই ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে উক্ত পাৰ ঘাটত জিলা প্ৰশাসনে নাওঁ চলোৱাটো বন্ধ কৰিছিল যদিও কেইদিনমানৰ পাচতে পুনৰ নাও চলিবলৈ আৰম্ভ কৰে ৷

সম্প্ৰতি শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে এক নিৰ্দেশনা যোগে ভূতভূটি নাও চলোৱাত কঠোৰ নীতি নিয়ম বান্ধি দিছে যদিও সকলো নীতি- নিয়ম উলঙ্ঘা কৰাৰ অভিযোগ উঠিছে জামুগুৰিহাটৰ দক্ষিণ- -পশ্চিম অঞ্চলৰ উক্ত ঘাট কেইটাত ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply