জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰৰ কটনমিলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সোণালী জয়ন্তী বৰ্ষৰ লগতে ৫০তম অধিৱেশন।
সাহিত্যই হ’ল জাতিৰ এটা দাপোন। সাহিত্যৰ মাজেৰে জাতিৰ পৰিচয় প্ৰতিফলিত হ’য়। বড়ো জাতিটোক শক্তিশালীভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সাহিত্যই সদায় গতিশীল ভূমিকা গ্ৰহণ কৰি আহিছে। বড়ো সাহিত্য সভাই আৰম্ভণিৰে পৰা জনগোষ্ঠীটোক সজাগ-সচেতন কৰাৰ উপৰি নতুন প্ৰজন্মক দিশ দৰ্শন দিয়াৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
এই অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীয়ে তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰে। বিভিন্ন নৃত্য-গীতেৰে জীপাল কৰি তোলে অধিৱেশনৰ বাকৰি।
উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বিটিআৰ চীফ প্ৰমোদ বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ লগতে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি।
বড়ো ভাষাৰ বিকাশৰ বাবে লোৱা পদক্ষেপ সমূহৰ বিষয়ে আলোকপাত কৰি বিটিআৰ চীফ প্ৰমোদ বড়োৱে ভাষণ প্ৰদান কৰে।