জামুগুৰিহাটঃ চৰকাৰৰ অমনোযোগীতাৰ বাবেই ধ্বংসৰ মুখলৈ গতি কৰিছে জামুগুৰিহাটৰ বগাবিল নাৰ্চাৰী ৷
নব্বৈ দশকতে বগাবিলত ৰাজ্য চৰকাৰৰ সামাজিক বনানীকৰণ বিভাগে স্থাপন কৰিছিল এইখন নাৰ্চাৰী ৷ শতাধিক বিঘা ভূমিত চেগুণ, গমাৰী, চিচুকে ধৰি বহু মূল্যৱান গছপুলি ৰোপন কৰি নাৰ্চাৰীখন সজাই-পৰাই তুলিছিল বন বিভাগে ৷
কিন্তুু লাহে লাহে সময়ৰ লগে লগে গুৰুত্বহীন হৈ পৰে জামুগুৰিহাটৰ বগাবিল নাৰ্চাৰী ৷ বনবিভাগৰ অমনোযোগীতাৰ সুবিধালৈ একাংশ লোকে নাৰ্চাৰীখনৰ বহু মূল্যৱান গছ কাটি চুৰি কৰি নিয়াৰ লগতে এক ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰে ৷
লগতে পঢ়কঃঅসমত উপস্থিত হ’লহি অসম কন্যা লাভলীনা বৰগোঁহাই
ইয়াৰোপৰি নাৰ্চাৰীখনৰ বহু মাটি একাংশ লোকে বেদখল কৰাৰ লগতে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি নিগাজিকৈ থাকিবলৈ লৈছে ৷
স্থানীয় দুই এক সচেতন ৰাইজে নাৰ্চাৰীখন সুৰক্ষা দিয়াৰ স্বাৰ্থত ৰাজহুৱা কমিটি তৈয়াৰ কৰি সংৰক্ষণৰ পোষকতা কৰিছিল যদিও বন বিভাগৰ পৰা কোনো সহাঁৰি নোপোৱাত সেই আশা ত্যাগ কৰে ৷
সম্প্ৰতি অঞ্চলটোৰ একাংশ সমাজ সচেতন যুৱকে নাৰ্চাৰীখন সংৰক্ষণ কৰাৰ লগতে দখলকৰা মাটি সমূহ বেদখল মুক্ত কৰাৰ দাবী জনাইছে ৰাজ্য চৰকাৰক ৷